Saturday, August 25, 2018

বন্ধন ঝণ আৰু দৰিদ্ৰ কোচ-ৰাজবংশী সমাজ : এক নিৰ্মোহ বিশ্লেষণ

                           
                                                    হেমন্ত কুমাৰ ৰায়

        আজি এটা দশকৰ পৰা বন্ধনৰ ঋণ ব্যৱস্থাই অত্ৰ অঞ্চলৰ ব্যবসায়ী আৰু গাঁৱৰ কিছুমান দৰিদ্ৰ লোকৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ব্যবসায়ী সকল বন্ধনৰ ঋণৰ টকাৰে তেওঁলোকৰ ব্যবসায় টনকিয়াল কৰিব পাৰিছে--- এই কথাত কোনো দ্বিমত নাই। গাঁৱৰ কিছুমান মানুহেও বন্ধনৰ টকাৰে বহু সম্পত্তি গঢ়িছে--- এইটোও সঁচা। কিন্তু ব্যবসায়ীসকলৰ তুলনাত এই সংখ্যা তেনেই নগণ্য। শতকৰা 3% হব নে নাই সন্দেহ আছে। কাৰণ গাঁৱৰ কিছুমান মানুহক ব্যক্তিগতভাৱে লগ পাইছো যাৰ মাহেকীয়া উপাৰ্জন খুব বেছি 5/6 হেজাৰ টকা; কিন্তু তেঁওলোকে বন্ধনৰ পৰা 50 হেজাৰ মান ঋণ লৈ দিনটো পগলাৰ দৰে ঘুৰি থাকে সপ্তাহৰ কিস্তিটো পৰিশোধ কৰাৰ কাৰণে। বিশেষকৈ কোচ-ৰাজৱংশী জনগোষ্ঠীৰ মাজত বন্ধনৰ ঋণ এনে এক ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে যিটো আজিৰ পৰা দহ বছৰমান পাছত লক্ষ্য কৰিব পাৰিম। মোৰ বাক্তিগত পৰ্যবেক্ষণত, বিশেষকৈ নিজৰ গাওঁখনত, দেখিছো যে কিছুমান মানুহে বন্ধনৰ পৰা ঋণ লৈ ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰি কিস্তি দিছে। বাহ, গছ-গছনি  আদি বিক্ৰী কৰি চলাথ কৰাৰ লগতে পত্নীৰ আ-অলঙ্কাৰ আদি একো বাকী ৰখা নাই। তেওঁলোকে ঋণ লৈ লৈ আৰু সাপ্তাহিক কিস্তি পৰিশোধ কৰি কৰি আজি এনে এটা পৰ্যায়ত উপনীত হৈছে যে নিজ সন্তানৰ বেমাৰ-আজাৰ হলেও হাতত ফুটাকড়িও এটা নাথাকে চিকিৎসা কৰিবলৈ। বন্ধনৰ পৰা ঋণ লৈ সংসাৰৰ উন্নতি সাধন তো দূৰৰে কথা, বহুতে মাটি লৈকে বন্ধকত ৰাখিবলৈ বাধ্য হৈছে। মোৰ ব্যক্তিগত ঘৰখনৰ আৰু ওচৰৰ কেইজনমানৰ এই অবস্থা মই সাক্ষাৎ প্ৰত্যক্ষ কৰিছো। আৰু এনে মানুহকো নিশ্চয়কৈ বহুতে লগ পাইছে যে যিসকলে সাপ্তাহিক কিস্তিৰ টকাখিনি যোগাৰ কৰিবলৈ মোৰ দৰে বহু লোকৰ পৰা ঝণ লৈ থৈছে।
     কোচ-ৰাজবংশী জনগোষ্ঠী প্ৰকৃতিগতভাবে অথবা বংশগত পৰম্পৰাৰ বাবে হয়তো কিছু পৰিমাণে অলস্য ভাবাপন্ন। কিন্তু ধৰ্মীয় পৰম্পৰাৰ বাবে আৰু মিথ্যা অহংভাবাপন্নৰ বাবে তেওঁলোক অতি খৰচী হয়। উপাৰ্জনতকৈ খৰচ বেছি। এনেক্ষেত্ৰত যিলোকৰ মাহিলী উপাৰ্জন 5/6 হেজাৰ মান হয় তাক 40/50 হেজাৰ টকা ঋণ দিয়াটো কিমান যুক্তিসংগত? তাৰোপৰি, যি উদ্দেশ্যে ঋণ দিয় হয় বা যি কামৰ বাবে তেওঁলোকে ঋণ লয়, সেই নিৰ্দিষ্ট উদ্দেশ্য বা কৰ্মটো ভালদৰে সম্পাদিত হৈছে নে নাই, তাক নিৰীক্ষণ কৰাৰ কোনো ব্যৱস্থা কিন্তু নাই। বেংকৰ  নিয়ম-নীতি বুজি নাপালেও এটা কথা বুজি পাইছো যে "কোনে মৰে মৰক; টকা ঘটাই বেংক কতৃপক্ষৰ মূল লক্ষ্য"। বেংকৰ ফালৰ পৰা এই সমস্যাৰ  চিন্তা কৰাটো অলীক কল্পনা কৰা হব।
     ফেচবুকত/ব্লগত ইমান লিখা সম্ভৱ নহয় যদিও, তথাপি শেষত কওঁ, যৌথক প্ৰথাই ৰাজবংশীক তো নিশেষ কৰিহে এৰিবই; লগতে এই নিশেষকৰণত এটা অন্যতম অৰিহণা যোগাব বন্ধনৰ ঋণ ব্যৱস্থাই। প্ৰতি বছৰে ছোৱালী বিয়াৰ বাবদ কিমান যে মাটি ৰাজবংশীৰ হাতৰ পৰা অনা-ৰাজবংশীৰ হাতলৈ যায় তাৰ হিচাপ নাই। বন্ধনৰ ঋণে এই কাম আৰু সহজ কৰি দি আছে। এইদৰে আৰু এটা বা দুটা দশক আগবাঢ়িলে ভূমিপুত্ৰ কোচ-ৰাজৱংশীসকল ভূমিহীন হওঁতে আৰু বেছিদিন নালাগিব।
    গতিকে আমাৰ অনুৰোধ, বন্ধন বেংকে ঋণ লোৱা ব্যক্তিসকলৰ খা-খবৰ লওক, সামৰ্থ বিচাৰ কৰক, উপাৰ্জন আৰু ঋণৰ মাজত এটা অনুপাত নিৰ্ধাৰণ কৰক; তাৰ পাছতহে ঋণ দিয়ক। ঋণ লৈ যাতে মানুহবোৰ ভিক্ষাৰী নহয়, সেইটো পৰ্যবেক্ষণ কৰক। অৱশ্যে আমি এইটোও জানো, এইবোৰ 'আকাশত চাং পতা'ৰ দৰে এটা চিন্তা।

No comments:

Post a Comment