Saturday, November 24, 2018

অনুগল্প : লজ্জা

       হেমন্ত কুমাৰ ৰায়

গাঁৱৰ পৰিবেশ বিনষ্ট কৰাৰ কাৰণে ৰাইজমেলত বেমেলা বৰ্মণক গাঁওখনৰ পৰা খেদি পঠোৱাৰ সিদ্ধান্ত লোৱা হয়। বিচাৰকৰ যুক্তি হল :  "যদি বেমেলা বৰ্মণ গাঁৱত থাকে, তেন্তে গাঁৱৰ যুবকসকলৰ জীৱন ধ্বংস হ'ব আৰু যুবতী সকলেও তাইক অনুসৰণ কৰি বেশ্যাবৃত্তিত নামি পৰিব।"
      বেমেলা বৰ্মণেও আত্মপক্ষ সমৰ্থনত কয় : "যেতিয়ালৈকৈ গাঁৱত চুল্টু মাষ্টৰ, শিবেন বুঢ়া, অনন্ত হাজৰিকাৰ দৰে অসভ্য মানুহ থাকিব তেতিয়ালৈকে হেজাৰটা বেমালাৰ জন্ম হৈয়ে থাকিব।"
     বিচাৰক মণ্ডলীৰ সিদ্ধান্ত ব্ৰহ্মাৰ বাক্যৰ দৰে অলৰ-অটল। কাৰণ বেমেলা বৰ্মণৰ চালচলনত গাঁৱৰ মানুহবোৰ খুব লজ্জিত।
      

Saturday, November 3, 2018

আমোলমোল বেয়া গোন্ধ

হেমন্ত কুমাৰ ৰায়


আমাৰ খাদ্যৰ বিলাতী গোন্ধই হয়তো উজাই উজাই কনমানিটোৰ নাকত প্ৰৱেশ কৰিছিল। জন্মসূত্ৰে প্ৰাপ্ত দৰিদ্ৰতাই হোনে তেওঁক আকৰ্ষণ কৰিছিল আমাৰ ফালে। দুদিন ধৰি আই-দেউতাকৰ কৰ্ম বিৰতি আছিল। দিনে-নিশাই খাটি খাটি প্ৰস্তুত কৰিছিল এক বিশেষ উৎসৱৰ কাৰণে। কিবা বোলে ল'ৰাহঁতৰ ভাল হব। আৰু স্কুলখনৰো। সেয়ে তেওঁ ভালদৰে এসাজ খাব পৰা নাছিল এই কেইদিন।

ল'ৰাজনে বাৰে বাৰে জুমি জুমি চাইছে।

"ঐ কি কৰিছা? ঘৰলৈ যা।" এগৰাকী এচিষ্টেণ্টৰ ধমকত সি গুচি গ'ল।

তেওঁ আঁতৰি গল। কিন্তু শৈশৱৰ কোমল মনটো....?

অলপ পিছত সি আকৌ আহিল। এইবাৰ মুখলৈ চালোঁ। হাতত তুলি লোৱা মাংস টুকুৰাৰ সুস্বাদু গোন্ধই মোক কিয়বা জোকাৰি গ'ল।

তৎসত্বেও ল'ৰাজনৰ মুখমণ্ডলত ফুটি উঠিছে এক অতীব সুখানুভূতি। কাৰণ আমাৰ খাদ্য মেনুতে হেনো আছে তেওঁৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সাৰ্থকতা।

ফটো : ইন্টাৰনেটৰ পৰা সংগৃহীত।