Tuesday, April 14, 2020

বৌদ্ধ নীতিশাস্ত্ৰত ব্ৰহ্মবিহাৰ ভাবনা

ব্ৰহ্মবিহাৰ 



বৌদ্ধ নীতিশাস্ত্ৰত ব্ৰহ্মবিহাৰ ভাবনা এটি গুৰুত্বপূৰ্ণ নৈতিক আৰু আধ্যাত্মিক ধাৰণা। মৈত্ৰী, কৰুণা, মুদিতা আৰু উপেক্ষা--- এই চাৰি ভাবনাৰ সন্মিলিত ৰূপকে বৌদ্ধ দৰ্শনত ব্ৰহ্মবিহাৰ বোলা হয়।
1. মৈত্রী : সকলো জীৱৰ প্ৰতি প্ৰেম, ভালপোৱা আৰু বন্ধুত্ব ভাবনাক মৈত্ৰী বোলা হয়।
2. কৰুণা : জীৱৰ দুখত সমভাগী হৈ তাক নিবাৰণৰ প্ৰচেষ্টাক কৰুণা বোলে।
3. মুদিতা : অপৰ ব্যক্তিৰ সুখ, সমৃদ্ধি আৰু প্ৰগতিত নিজে সুখী আৰু অনন্দিত হোৱাই মুদিতা।
4. উপেক্ষা : সুখ-দুখ, আশা-আকাংক্ষা, মান-অপমান, লাভ-লোকচান আদিত নিজৰ চিত্ত অবিচল বা নিৰপেক্ষ ৰখাৰ নাম উপেক্ষা।

3 comments: