Tuesday, October 2, 2018

কোচ-ৰাজবংশীসকলৰ যাত্ৰাপূজা বা দেবীপূজা : এটি আলোকপাত

হেমন্ত কুমাৰ ৰায়

       শাৰদীয় দূৰ্গা উৎসৱৰ সময় হলে পশ্চিম অসম, উত্তৰবঙ্গ, বিহাৰ, নেপালৰ ঝাপা-মৰং আৰু বাংলাদেশৰ ৰংপুৰ অঞ্চলৰ কোচ-ৰাজবংশী সমাজত প্ৰত্যেকৰে ঘৰে ঘৰে দেবীপূজা বা যাত্ৰাপূজাৰ প্ৰস্তুতি চলি থাকে। দৰাচলতে কোচ-ৰাজবংশী সমাজত দেবী দূৰ্গাৰ প্ৰধান পৰিচয় 'দেবীঠাকুৰাণী' হিচাবে আৰু শাৰদীয় দূৰ্গোৎসৱৰ নাম হ'ল যাত্ৰাপূজা বা দেবীপূজা।*1 'সিং বিয়া কৰিবলৈ যোৱা'*2 লোক-কাহিনীৰ আঁত ধৰি কোচ-ৰাজবংশীসকলে শালি ধানৰ খেতি কাম সমাপ্ত কৰে ভাদ মাহৰ তেৰ তাৰিখে। তাৰ পিছত ৰৈ থাকে বাৰিষা কালৰ সমাপ্তিৰ কাৰণে। কোচ-ৰাজবংশী সমাজত সিং উভতি অহাৰ পিছৰ পূৰ্ণিমা তিথিৰ পৰা অৰ্থাৎ কৃষ্ণপক্ষৰ পৰা ষোল্ল গৰাকী কইনা যায় বুলি বিশ্বাস আছে। ইয়াৰে পোন্ধৰ গাৰকী নিয়ম অনুসৰি যায় আৰু শেষৰ গৰাকী পলাই যাই বুলি লোকবিশ্বাস আছে। কইনা যোৱাৰ এই দিনকেইটাক ৰাজবংশী ভাষাত কোৱা হয় 'কইনাগত শাতাও' অৰ্থাৎ ঘোৰ বাৰিষা। কোচ-ৰাজবংশী সমাজত বিশ্বাস আছে কইনা কেইগৰাকীৰ কোনোবাই হাঁহি হাঁহি আৰু কোনোবাই কান্দি কান্দি যায়। যদি কইনাজনী হাঁহি হাঁহি যায় তেন্তে ৰ'দ দিয়ে আৰু যদি কান্দি কান্দি যায় তেন্তে বৰষুণ হয়। কোচ-ৰাজবংশী সমাজৰ প্ৰচলিত বিশ্বাস মতে কইনা যোৱা শেষ হলে আৰু বৰষুণ নহয়, তাৰ পাছৰে পৰা খাৰালি পৰে, শীত আহে। গতিকে প্ৰস্তুতি চলে হৈমন্তিক কৃষিৰ। কাৰণ পূৰণি দিনত শালি ধানৰ খেলিমেলিৰ বাবে কোচ-ৰাজবংশী সমাজে নিৰ্ভৰ কৰিবলগীয়া হৈছে হৈমন্তিক খেতিৰ ওপৰত। গোম, সৰিয়হ, তিল ইত্যাদি খেতিৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছিল তেওঁলোক। আৰু এইখিনি কৃষিকাৰ্য ভালদৰে আৰম্ভ কৰিবলৈ প্ৰয়োজন হৈছিল এটা শুভ দিনৰ যিদিনা পৰা কোনো বতৰৰ সমস্যা নাথাকিব।  এই দিনটো শাৰদীয় দূৰ্গা উৎসৱৰ নৱমী কিংবা দশমীৰ দিন। এই দিনটোতে কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰত্যেকজন মানুহৰ ঘৰত অনুষ্ঠিত হয় যাত্ৰাপূজা। দেবী দূৰ্গা নহয়; কোচ-ৰাজবংশী সমাজত যাত্ৰাপূজা বা দেবীপূজাই আছিল তেওঁলোকৰ জনগোষ্ঠীয় পূজা।

      যাত্রাপূজা এক কৃষিকেন্দ্ৰিক পূজা। 'যাত্ৰা' শব্দটো অৰ্থ আৰম্ভণি বা শুভাৰম্ভণি। ডঃ গিৰিজা শংকৰ ৰায় যাত্ৰাপূজাৰ প্রসংগত কৈছে--- "এই দিনটোত ৰাজবংশী কৃষকগণ হৈমন্তিক ফচল উৎপাদনৰ উদ্দেশ্যে ক্ষেত্ৰ কৰ্ষণ আৰম্ভ কৰি দিয়ে। আউশ আৰু মৰাপাটৰ তুলনাত কৃষকসকলৰ পক্ষে আমন ধানৰে গুৰুত্ব বেছি। এই গুৰুত্বপূৰ্ণ ফচলৰ মাটি প্ৰস্তুত কৰিবলৈ হালচালনৰ যাত্ৰা আৰম্ভ হয় কাৰণে কৃত্যটোক যাত্ৰাপূজা নামে অভিহিত কৰা হ'ব পাৰে।"*3 সহজ কথাত, এই পূজাৰ মাজেদি হৈমন্তিক ফচলৰ শুভাৰম্ভণি ঘটে কাৰণে ইয়াক যাত্ৰাপূজা নামেৰে জনা যায়; আকৌ এই পূজাৰ মাধ্যমেদি হালকৰ্ষণৰ সূচনা হয় কাৰণে ইয়াক 'হালযাত্ৰা" বুলিও অভিহিত কৰা হয়। কৃষিকাৰ্যৰ শুভাৰম্ভ ঘটে কাৰণে এই পূজাক 'যাত্ৰা শাইট' বুলিও কোৱা হয়।*4 আন এটা অভিমত মতে 'যাত্রাশি' গছৰ পাত (এক প্ৰকাৰ গুল্ম জাতীয় উদ্ভিদ) এই পূজাৰ অনিবাৰ্য উপকৰণ হেতু ইয়াক 'যাত্ৰাপূজা' বুলি কোৱা হ'ব পাৰে। কিন্তু এই অভিমতৰ সপক্ষে তেনে কোনো সবল যুক্তি পোৱা নাযায়।

        যাত্ৰাপূজাৰ দিন কোচ-ৰাজবংশী মহিলাসকলে ৰাতিপুৱা উঠি ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰিব লাগে; গোবৰ আৰু পানী মিহলি কৰি চোতাল, আগচোতাল মছিব লাগে। ঘৰৰ সকলো আচবাব উলিয়াই আনি ভালদৰে ধুই পৰিষ্কাৰ কৰি পূজাৰ কাৰণে প্ৰস্তুত কৰিব লাগে। ঘৰত ব্যবহৃত নিত্য প্ৰয়োজনীয় সকলো বস্তুৱেই সিদিনাখন উলিয়াই আনি ভালদৰে লেপি, মছি, ধুই পখালি তুলসী তলৰ পাটত বা থাপনাত কলপাতৰ ওপৰত ৰখা নিয়ম। দা, কটাৰী, কোৰ, কাচি ইত্যাদি যাবতীয় ঘৰুৱা কামৰ যন্ত্ৰপাতি; কৃষিকাৰ্যৰ সকলো সা-সঁজুলি, যেনে-- নাঙল, যুঁৱলি, জখলা ইত্যাদি ধুই পখালি পৰিষ্কাৰ কৰি পূজাৰ কাৰণে প্ৰস্তুত কৰি থব লাগে। সিদিনাই বিদ্যাৰ্থীসকলে দেবী সৰস্বতীৰ পূজা উদ্দেশ্যে তেওঁলোকৰ কিতাপ, বহী, কলম, শ্লেট, পেনচিল আদি উলিয়াই আনি তুলসীৰ তলত বাকী বস্তুৰ লগত একেলগে ৰাখে। নিয়ম অনুসৰি পাচি, কুলা আদিত খড়িমাটি লগাব লাগে। ইয়াৰ উপৰিও নিয়ম আছে, যাত্ৰাপূজাৰ দিন প্ৰত্যেক ঘৰৰ দুৱাৰে দুৱাৰে কৃত্ৰিমভাবে নিৰ্মিত কদম ফুলৰ মালা অৰ্থাৎ কুঁহিলাৰ মালা (artificial pith flowers) ওলমাই থব লাগে। গোঁসাই ঘৰ, তুলসীৰ থাপনা, ঘৰৰ দৰজা, দুৱাৰ, চৌকাঠ, ঘৰৰ মূল খুটিতো এই মালা ওলমাই ৰাখিব লাগে।  আনকি, কৃষিৰ মূল সজুঁলি নাঙল, যুঁৱলি, আৰু জখলা আদিতো কুঁহিলাৰ মালা পিন্ধাই থোৱা নিয়ম। যাত্ৰাপূজাৰ অন্যতম অনুষঙ্গ এই কুঁহিলাৰ ফুল শান্তিৰ প্ৰতীক।

       এইবোৰ ৰাতিপুৱাৰ কাম। তাৰ পিছত ঘৰৰ গৃহস্থ বা বয়সস্থ কোনো ব্যক্তি পূজা আৰম্ভ কৰে। পূজাত ব্ৰাহ্মণ নালাগে; কোনো কোনো ঠাইত ৰাজবংশী অধিকাৰীয়ে এই পূজা সম্পন্ন কৰে, কিন্তু অধিকাৰী থকাটো অনিবাৰ্য নহয়। সুদীৰ্ঘকালৰ পৰা কোচ-ৰাজবংশীসকলে যাত্ৰাপূজাত ব্ৰতী হৈ আহিছে য'ত কোনো শাস্ত্ৰীয় তত্ত্ব-বিচাৰ নাথাকে।  সাধাৰণতে ঘৰৰ যিকোনো প্ৰাপ্তবয়স্ক  মানুহে এই পূজা সম্পাদন কৰিব পাৰে। পূজাত বহি তেওঁ প্ৰথমতে ঘৰুৱা আৰু কৃষিকাৰ্যৰ প্ৰতিটো বস্তুতে এটা সিন্দুৰৰ ফোট আৰু এটা কাজলৰ ফোট দিব লাগে। বিদ্যাৰ্থীসকলৰ কিতাপ, বহী আদিত একেদৰে ফোট দিব আৰু লগতে প্ৰতিখন কিতাপ আৰু বহীৰ ভিতৰত একোটাকৈ যাত্ৰাশি'ৰ পাত আৰু বেল পাত থব। পূজাত নৈবেদ্য হিচাপে উচৰ্গা কৰিব লাগে দুই খোল (ডোনা) প্ৰসাদ। প্ৰসাদ হিচাবে থাকিব ফলমূল, বুট, গাখীৰ, চিনি, দই, কল। এথোক কল থকে, প্ৰতিটো কলতে সিন্দুৰৰ ফোট দিব লাগে। ফুল, তুলসী, দুবৰি বন, বেলৰ পাত আৰু যাত্ৰাশি'ৰ কিছুমান পাতেৰে পূজা নিয়ম। পূজাৰ উপকৰণ হিসাবে যাত্ৰাশি'ৰ পাত অনিবাৰ্য উপকৰণ। যাত্ৰাশি'ৰ পাতবিহীন এই পূজা সম্পন্ন নহয়। পূজাত বিশেষ কোনো মন্ত্ৰ নাথাকে। পূজা শেষ হলে ঘৰৰ সকলোৱে সেৱা কৰিব। বিদ্যাৰ্থীসকল সৰস্বতীক সেৱা জনায়, মনৰ কামনা ব্যক্ত কৰে। সিদিনা বহুতে ঘৰৰ অন্য দেৱতাকো পূজা কৰে। উত্তৰবঙ্গ আৰু পশ্চিম অসমৰ বহু অঞ্চলত সিদিনাই বিষহৰি ঠাকুৰকো পূজা দিয়াৰ নিয়ম আছে। যাত্ৰাপূজাৰ অন্তত পূজাৰ 'শান্তিজল' যাত্রাশি পাতেদি ঘৰ-দুৱাৰ আৰু সকলো আচবাব, পাত্ৰ আদিত ছটিয়াই দিব লাগে।

       ইয়াৰ পাছৰ নিয়ম হালযাত্ৰা। অৰ্থাৎ হালবোৱাৰ বা মাটি চহাৰ শুভাৰম্ভণি। এই উদ্দেশ্যে কোচ-ৰাজবংশী মানুহসকলে যিকোনো কৃষিভূমিত আঢ়ৈ পাক হালবোৱাব লাগে। নিয়ম অনুসৰি যাত্ৰাপূজাৰ শেষত এখন চালনিত (কল পটুৱাদি তৈয়াৰী) পঞ্চপ্ৰদীপ সজাই অলপ সিন্দুৰ আৰু কেইটামান মূদ্ৰা দি ভূমিত ৰখিব লাগে। তাৰ পিছত তাত অন্যান্য উপকৰণেৰে পূজা কৰি নাঙলৰে আনুষ্ঠানিকভাৱে আঢ়ৈপাক হাল ঘুৰোৱাৰ মাজেদি 'হালযাত্ৰা' সম্পন্ন কৰা হয়।*5 সমগ্ৰ কোচ-ৰাজবংশী সমাজে এই বিশেষ পদ্ধতিৰে আঢ়ৈ পাক হাল কৰ্ষণ কৰি কৃষিকাৰ্যৰ সূচনা কৰে। ৰাজবংশী ভাষাত ইয়াক 'হালপাইত্ৰা' বুলিও কোৱা হয়। ই আচলতে এটি fertility cult ৰ নিদৰ্শন। কিন্তু হালযাত্ৰাৰ নিয়মটো অঞ্চলভেদে পৃথক হয়। উত্তৰবঙ্গৰ কোনো কোনো অঞ্চলত যাত্ৰাপূজা সম্পন্ন কৰি তাৰ পাছত হালপাইত্ৰা কৰা হয়, পশ্চিম অসমৰ কিছুমান ঠাইত প্ৰথমতে 'হালপাইত্ৰা' কৰা হয়, তাৰ পিছতহে নাঙল-যুঁৱলি ধুই পখালি যাত্ৰাপূজা সম্পন্ন কৰা হয়।  এইদৰে দেখা যায় বিজয়া দশমীৰ দিনা যাত্ৰাপূজাৰ উপলক্ষে অনেক নতুন কৰ্মৰ সূচনা হয়। প্ৰাচীনকালত যুদ্ধযাত্ৰা, পশুচিকাৰ আদিও এই দিনতে আৰম্ভ কৰা হৈছিল।*6

        যাত্ৰাপূজা দেবীপূজাৰে নামান্তৰ। সিং উভতি অহাৰ পিছত 'কইনাগত শাতাও'ৰ যি হিচাপ কোচ-ৰাজবংশী মানুহৰ মুখে মুখে প্ৰচলিত সি দেবীপূজাকে কেন্দ্ৰ কৰি চলি আহিছে। কোচ-ৰাজবংশী সমাজত শাৰদীয় দূৰ্গাপূজা দেবীপূজা নামেৰে সৰ্বাধিক প্ৰচলিত। এই দেবীপূজাৰ প্ৰচলন ঘটে কোচবিহাৰ ৰাজবংশক কেন্দ্ৰ কৰি। এই দেবী 'বড়দেবী' নামে পৰিচিত। দেবীপূজাক লৈ বিভিন্ন উপ্যাখ্যান আছে। ৰাজ-উপ্যাখ্যান মতে কোচবিহাৰ ৰাজবংশৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ চিকনা পৰ্বতত প্ৰাপ্ত 'কৃষ্ণপট দেহৰ' (কৃষ্ণ প্ৰস্তৰ খণ্ড)ক 1510 খ্ৰীষ্টাব্দত দেবীদূৰ্গা ৰূপে সৰ্বপ্ৰথম ধেমালিতে পূজা কৰিছিল। এই পূজা কৰাৰ পিছতে বিশ্বসিংহ কোচবিহাৰ ৰাজবংশ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। বিশ্বাস অনুসৰি ধেমালিতে এজন বন্ধুক আঠুকাঢ়ি বহুৱাই কুশেদি (কহুঁৱা) গলত আঘাত কৰাত সঁচাকৈয়ে তেওঁৰ শিৰচ্ছেদ ঘটে। তাৰ পাছৰে পৰা বিশ্বসিংহ প্ৰতিবছৰে সেই দেবীৰ পূজা কৰিছিল, নৰবলিও দিছিল। অসম যাত্ৰাৰ সময়ত (1562) নৰনাৰায়ণ  এই দেবীকে  মৃন্ময়ী মূৰ্তি প্ৰতিষ্ঠা কৰি 'বড়দেবী' হিসাবে প্ৰথম পূজা কৰে।*7 আন এটা আখ্যান অনুসৰি নৰনাৰায়ণৰ ভাতৃ শুক্লধ্বজ (বীৰ চিলাৰায়) দাদাক হত্যা কৰিবলৈ আহি প্ৰত্যক্ষ কৰে যে স্বয়ং দেবী নৰনাৰায়ণক কোলত লৈ বহি আছে। নৰনাৰায়ণ পিছত ধ্যানস্থ হৈ এই দেবীৰ সাক্ষাৎ লাভ কৰে। তেতিয়াৰ পৰাই কোচবিহাৰ ৰাজবংশত দেবীপূজাৰ প্ৰচলন আৰু প্ৰসাৰ ঘটে। অৱশ্যে এই দেবী ৰাজবাড়ীৰ বড়দেবী; ব্যক্তিগত উদ্যোগত পূজিত কোনো দেবী নহয়।

      ৰাজবংশৰ ঐতিহ্যপূৰ্ণ দেবী আজিৰ দূৰ্গাদেবীৰ দৰে পূজা গ্ৰহণ কৰা নাছিল; এককভাৱে পূজা গ্ৰহণ কৰিছিল। ডঃ চাৰু চন্দ্ৰ সান্যাল 'The Rajbanshis of North Bengal' শীৰ্ষক গ্ৰন্থত এই দেবীপূজাৰ বিষয়ে লিখিছে এনেদৰে---"The images of the Devi in the Baikunthapur Zamindari house and the Devi of Boro Durga Baree of Coochbehar are red in colour and a single image without Lakshmi, Saraswati, Kartik and Ganesh. The Devi stands on a lion who bites the elbow of the demon Mahisasura....It is said that human sacrifice was performed at dead of night on the Navami day (3rd day) of the puja both in Baikunthapur and Coochbehar. In Baikunthapur, it is said that the custom continued upon the reign of the Raja Chandra Shekhar Dev in 1852-56 A.D. It was stopped by his successor Jayanta Dev. He replaced human sacrifice by buffalo sacrifice which continued till lately....।*8 কিছু পৰিৱৰ্তন কৰি এটা সময়ত নৰবলিৰ পৰিৱৰ্তে চাউলৰ গুড়িৰে মানুহৰ মূৰ্তি তৈয়াৰ কৰি তাত অলপ পাৰৰ তেজ মিহলাই বলি দিয়া হৈছিল। কোচবিহাৰৰ 'বড় দুৰ্গাবাড়ীত'এনে প্ৰথাৰ প্ৰচলন আছিল। চাউলৰ গুড়াৰে তৈয়াৰী মূৰ্তিত আঙুলিৰ অলপ তেজ মিহলি কৰি বলি দিয়া প্ৰথাও আছিল।*9 কোচবিহাৰ ৰাজবংশৰ শাখা জলপাইগুৰিতো অনুৰূপ পদ্ধতিত দেবীপূজাৰ প্ৰচলন আছিল। পৰৱৰ্তী কালত এই পূজাৰ লগত লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশৰ সংযোগ ঘটে; দেবীৰ গাৰ ৰঙৰো পৰিবৰ্তন হয়। গতিকে দূৰ্গা পূজাৰ প্ৰচলন কামতাপুৰ অঞ্চলত কেতিয়া হয় তাৰ সঠিক অনুমান সম্ভব নহলেও এইটো কোৱা যায় যে, ষোড়শ শতিকাৰ মধ্যভাগত কোচবিহাৰ ৰাজবংশ আৰু এই অঞ্চলৰ কোচ-ৰাজবংশী সমাজত দূৰ্গাপূজাৰ প্ৰচলন হ'ব পাৰে।

     কিন্তু এই পূজা ৰাজবংশৰ মানুহৰ মাজতে সীমাবদ্ধ আছিল। বিত্তশীল লোক এই পূজাত অংশগ্ৰহণ কৰিলেও তেওঁলোকে এককভাৱে এই পূজা সম্পন্ন কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে চ'ত মাহত বাসন্তী পূজাই কৰা দেখা গৈছিল। ৰাজ ঐতিহ্যক সন্মান জনাই তেওঁলোকে ইয়াৰ পৰা বিৰত আছিল। গতিকে এইটো অনুমান কৰিলে হয়তো ভুল নহব যে, কোচ-ৰাজবংশী সমাজত শাৰদীয় উৎসৱৰ প্ৰধান অঙ্গ সম্ভবত দেবীপূজা বা যাত্ৰাপূজাই আছিল আৰু ইয়াৰ মুখ্য বিষয় আছিল হালযাত্ৰা আৰু সৰস্বতী অৰ্চনা। অপেক্ষাকৃত পৰবৰ্তীকালত দেবীপূজা বা যাত্ৰাপূজাৰ লগত শাৰদীয় দূৰ্গোৎসৱৰ মিলন ঘটি থাকিব পাৰে।

তথ্যসূত্র :

*1. ডঃ গিৰিজা শংকৰ ৰায় : উত্তৰবঙ্গেৰ ৰাজবংশী সমাজেৰ দেব-দেবী ও পূজা-পাৰ্বন, পৃ. 51
*2. কোচ-ৰাজবংশী সমাজোত বিশ্বাস আছে শাওন মাহৰ সংক্ৰান্তিত সিং বিয়া কৰিবলৈ যায় পূবৰ পৰা পশ্চিমলৈ আৰু উভতি আহে ভাদ মাহৰ তেৰ তাৰিখে।
*3. ডঃ গিৰিজা শংকৰ ৰায় : উত্তৰবঙ্গেৰ ৰাজবংশী সমাজেৰ দেব-দেবী ও পূজা-পাৰ্বন, পৃ. 51
*4. Dr. Birendranath Dutta : Folk Culture of the Goalparia Region, p. 151
*5. জ্যোতিৰ্ময় ৰায় : ৰাজবংশী সমাজ দৰ্পন-2, পৃ. 125
*6. ডঃ দিলীপ কুমাৰ দে : কোচবিহাৰেৰ লোক-সংস্কৃতি, পৃ. 151
*7. জ্যোতিৰ্ময় ৰায় : ৰাজবংশী সমাজ দৰ্পন-2, পৃ. 123
*8. Dr. Charu chandra sanyal : The Rajbanshis of North Bengal. P. 141
*9. তদেব, পৃ. 142